Amrit Kalash Yatra: মায়ঙত অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ - মন্ত্ৰী পীযুষ হাজৰীকা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:44 PM IST

মৰিগাঁও, 2 অক্টোবৰ : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মায়ঙৰ ৰাইজৰ সহযোগত মৰিগাঁও পশ্চিম প্ৰান্তৰৰ তথা যাদুৰ দেশ মায়ঙত উলহ-মালহৰে মোৰ দেশ মোৰ মাটি কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সোমবাৰে মায়ঙত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ জল সম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

মায়ঙত মোৰ দেশ মোৰ মাটি কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা উদ্বোধন কৰি প্ৰায় সাত কিলোমিটাৰ পদযাত্ৰাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ তথা জাগীৰোড বিধানসভা সমষ্টিৰ যাদু নগৰীৰূপে খ্যাত মায়ঙত “মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত মায়ঙৰ গোভালীৰ পৰা মায়ং পঞ্চায়ত কাৰ্যালয়লৈ প্ৰায় সাত কিলোমিটাৰ জোৰা “অমৃত কলহ যাত্ৰা” ৰূপায়ণ কৰা হয় । 

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে । কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ অন্তত মায়ং পঞ্চায়ত কাৰ্যালয় চৌহদত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ''মোৰ মাটি মোৰ দেশ" আৰু “অমৃত কলহ যাত্ৰা”ৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ৷ সমান্তৰালকৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাবাসীৰ লগতে মায়ঙৰ ৰাইজ তথা নৱ-প্ৰজন্মই দেশৰ হকে পণ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Amrit Kalash Yatra: বৰপেটাত অমৃত কলহৰ মাটি একত্ৰিত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.