Amrit Kalash Yatra : নেলীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:39 PM IST

thumbnail

মৰিগাঁও, 27 ছেপ্টেম্বৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক হাতযোৰ কৰি ধৰ্মৰ কথা নকবলৈ অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ মন্ত্ৰীজনে কয় যে, ভূপেন বৰাই ধৰ্মৰ কথা কৈ কৈ ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজাইছিলে ৷ গতিকে তেওঁ ধৰ্মৰ কথা বাদ দিয়ক ৷ যোৱাকালি শংকৰদেৱৰ কথাও কৈছে তেওঁ ৷ শংকৰদেৱকো কেতিয়াবা আকৌ নকব লগা শব্দ কৈ দিব ৷ গতিকে যিজনে শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি তেখেতৰ শংকৰদেৱৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰেই নাই বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷  

জাগীৰোডৰ নেলীত বুধবাৰে অনুষ্ঠিত হোৱা অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন বৰাক এইদৰে কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ৷ বুধবাৰে জাগীৰোডৰ নেলীত 4 কিলোমিটাৰ পদব্ৰজে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে তেওঁ ৷  শোভাযাত্ৰাত অংশ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ জাগীৰোডৰ পলাহগুৰি গাঁৱৰ পৰা নেলী পঞ্চায়তলৈকে প্ৰায় 4 কিলোমিটাৰ পদব্ৰজে শোভাযাত্ৰা কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে ৷

এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট, আৰক্ষী আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ ঢোলে-দগৰে সকলোৱে শোভাযাত্ৰাত অংশ লৈ অমৃত কলহত মাটি সংগ্ৰহ কৰে ৷ গায়ন-বায়নৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি সাংস্কৃতিক দলসমূহে ব্যাপক উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ 

লগতে পঢ়ক : Joinning Meeting of BPF : তামুলপুৰত বিপিএফ দলৰ বিশাল যোগদান সভা; সহস্ৰাধিক লোকৰ যোগদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.