মই আপোনাক উৎসাহিত কৰিছো যে আপুনি কেতিয়াও মদ নাখাব;গাখীৰ খাব: পৰিমল শুক্লবৈদ্য - Minister Parimal Suklabadya at Kalaigaon
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/640-480-20133726-thumbnail-16x9-awareness.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 28, 2023, 6:36 PM IST
ওদালগুৰি, 28 নৱেম্বৰ : পথ দুৰ্ঘটনাত অকাল মৃত্যু হোৱা লোকৰ বাবে সমগ্ৰ ৰাজ্যতে বিশ্ব স্মৃতি দিৱস উদযাপন কৰা হয় ৷ এই বিশ্ব স্মৃতি দিৱস সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ অৰ্থে এই বছৰ আয়োজন কৰা হৈছে পথ সুৰক্ষা জন আন্দোলন ৷ বাইক ৰেলীৰে ৰাইজৰ কাষত ঘূৰি-ফুৰিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
শেহতীয়াকৈ কলাইগাঁৱত উপস্থিত হয় অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য । কলাইগাঁও পৰিদৰ্শন কৰি বাংলা প্ৰাংগণত পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । জন-সচেতনতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে দুগৰাকী যুৱকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গাড়ী চলাওঁতে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনায় । আনহাতে পথ দুৰ্ঘটনাত মৃত্যু হোৱা এগৰাকী মৃতকৰ পৰিয়ালবৰ্গক গামোচা যাঁচে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : বাইকৰ পিঠিত উঠি অৰঙে-দৰঙে পৰিবহণ মন্ত্ৰী