thumbnail

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 9:41 PM IST

ETV Bharat / Videos

কংগ্ৰেছৰ কথা ক'বলৈ গ'লে নিজৰেই ভাল নালাগে : যোগেন মহন

মৰাণ, 15 জানুৱাৰী : "তেখেতসকলৰ কাম তেখেতসকলে কৰি থাকিব ৷ আমি নিজৰ কাম কৰি যাম ৷ যিমান ৰাহুল গান্ধী আহিলেও আমাৰ এই জাগৰণ ৰোধ কৰিব নোৱাৰে ৷" কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰি মন্ত্ৰী যোগেন মহনে কয় যে, ৰাহুল গান্ধী আহিলেও বিজেপিক ৰোধিব নোৱাৰে ৷ ডিমা হাছাওৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনী ফলাফলৰ উদাহৰণ দি তেওঁ কংগ্ৰেছক জিৰ’ আখ্যা দি মন্ত্ৰীজনে "জিৰ’ কেনেকৈ হিৰ’ হ’ব" বুলি মন্তব্য কৰে ৷  

মন্ত্ৰীজনে কয় যে, কংগ্ৰেছক ৰাইজে 60 বছৰ দেখিলে ৷ এতিয়া কংগ্ৰেছক কোনেও বিশ্বাসত নলয় ৷ কেৱল ৰাইজেই নহয় তেওঁলোকৰ নেতাই এতিয়া নিজৰ দলক বিশ্বাস নকৰে বুলি কয় মন্ত্ৰী যোগেন মহনে ৷ লগতে কংগ্ৰেছৰ কথা গালে নিজৰেই ভাল নালাগে বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷  

লগতে পঢ়ক : পৰম্পৰা ৰক্ষা কৰি মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰজ্বলন কৰিলে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.