Jogen Mohan singing bihu song: হুঁ‌চৰি দলৰ সৈতে নিজা গৃহতে বিহুগীত জুৰিলে মন্ত্ৰী যোগেন মহনে

🎬 Watch Now: Feature Video

thumbnail

ডিব্ৰুগড়, 15 এপ্ৰিল : অসমীয়াই প্ৰাণ ভৰি উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷ আজি ব’হাগৰ দ্বিতীয়টো দিন, মানুহ বিহু ৷ আজিৰে পৰাই বিহু তথা হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ বিহু হুঁচৰি মাৰি গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰম্পৰা অসমীয়া সমাজত আছে (bihu song bihu husori) ৷ মৰাণত মন্ত্ৰী যোগেন মহনৰ বাসগৃহতো দেখিবলৈ পোৱা গ’ল এটি বিহু হুঁ‌চৰি দল (Minister Jogen Mohan) ৷ 

আজি পহিলা ব'হাগৰ দিনটোত ৰাজ্যৰ চৌদিশে বিহুৰ উখল মাখল পৰিৱেশ । ৰাজ্যজুৰি পৰম্পৰা ৰক্ষা আৰু আনন্দ উল্লাসৰ মাজেৰে উদযাপিত হৈছে ৰঙালী বিহু । চৰাইদেউ জিলাতো দেখা গৈছে ৰঙালী বিহুৰ ব্যাপক আনন্দ । আজি মৰাণত নিজা বাসগৃহত হুঁ‌চৰি দলৰ সৈতে বিহুগীত জুৰি এপাক নাচিলে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীজনৰ চোতালত বিহুৰ পদধূলা দিবলৈ অহা হুঁ‌চৰি দলটোক গৃহস্থই সেৱা ধৰাৰ পিছতে কেইবাটাও বিহুগীত জুৰি দলটোৰ ঢুলীয়া-নাচনীৰ সৈতে নাচি বাগি আনন্দ ফূৰ্তি কৰে মন্ত্ৰীজনে (Jogen Mohan singing bihu song)।

লগতে পঢ়ক : Rangali Bihu in Bangalore : ঢোল-পেঁপাৰ লহৰত কঁপিছে বেংগালুৰু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.