Assamese pride gamosa controversy: গামোচা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

By

Published : Mar 27, 2023, 4:18 PM IST

thumbnail

ডিব্ৰুগড়, 27 মাৰ্চ : ৰাজ্যত এতিয়া চলিছে গামোচা বিতৰ্ক ৷ গামোচাৰ বিকৃত উপস্থাপনে জোকাৰি গৈছে অসম ৷ বাংলা সাহিত্য সভাৰ ৰাজ্যিক সন্মিলনত গামোচাক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল ৷ ন-ৰূপ দিয়া বস্ত্ৰখনৰ এচোৱা অসমীয়াৰ স্বাভিমান গামোচা আৰু আনচোৱা বঙালী সকলৰ গামোচা যোৰা দি বনোৱা হৈছে (Assamese pride gamosa controversy) ৷ অসমীয়া আৰু বঙালী গামোচা এইদৰে যোৰা দি সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি বাংলা সাহিত্য সভাই উক্ত অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থকা শিক্ষামন্ত্ৰী ৰণোজ পেগুক আদৰণি জনায় ৷ তাৰ পিছতেই লাগি গ’ল হুলস্থূল ৷

শেহতীয়াকৈ গামোচা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই (Minister Bimal Bora opens up on gamosa controversy ) ৷ বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটোখন ডেৰ বছৰ পুৰণি ফটোৰে পুনৰ প্ৰচাৰ কৰিছে বুলি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে ৷ ডেৰ বছৰ পূৰ্বেই এনে কাম নকৰিবলৈ আহ্বান জনোৱাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে  ৷ 

"গামোচা গামোচা ভাবেই থাকিব লাগে । গামোচাখনক অন্য ৰূপ প্ৰদান কৰিলে স্বাভাৱিকতে সকলো অসমীয়াৰে স্বাভিমানত আঘাত হনাতো স্বাভাৱিক । এই ক্ষেত্ৰত ময়ো ব্যতিক্ৰম নহয়"- গামোচা বিতৰ্ক সন্দৰ্ভত এইদৰে মন্তব্য আগবঢ়াই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই (gamosa controversy)। 

প্ৰত্যেক জাতি-জনগোষ্ঠীৰ নিজা নিজা স্বকীয় বৈশিষ্ট্য আছে । সেইবোৰ একক আৰু অনন্য । সকলোৰে নিজৰ নিজৰ বৈশিষ্ট্যসমূহ অটুট থকাতো উচিত । ডেৰ বছৰৰ আগত শিলচৰত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰোতে কেইজনমান ব্যক্তিয়ে এই বিতৰ্কিত গামোচা খনেৰে মন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা জনাইছিল বুলি জানিবলৈ দিয়ে তেওঁ । উক্ত দিনাই এই বিশেষ গামোচাখন দেখি অস্বস্তিত পৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সম্প্ৰীতিৰ নামত এনে কৰা অনুচিত বুলি সেইসময়তে বুজনি দিয়া কথা জানিবলৈ দিয়ে (Minister Bimal Bora) ।

লগতে পঢ়ক : Bihu dance workshop: ৰহাত বিহু নাচৰ কৰ্মশালাৰ সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.