Amrit Sarovar at Tingkhang: টিংখাঙত অমৃত সৰোবৰৰ কাম পৰিদৰ্শন মন্ত্ৰী বিমল বড়াৰ - Minister Bimal Bora Inspects Amrit Sarovar at
🎬 Watch Now: Feature Video
মৰাণ, ১৫ ফেব্ৰুৱাৰী: টিংখাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্প অমৃত সৰোবৰক বাস্তৱ ৰূপ দিবলৈ তৎপৰ হৈছে মন্ত্ৰী বিমল বড়া । এই উদ্দেশ্য়ে তেওঁ মঙলবাৰে টিংখাঙত অমৃত সৰোবৰৰ কাম পৰিদৰ্শন কৰে (Minister Bimal Bora Inspects Amrit Sarovar at Tingkhang)। অমৃত সৰোবৰৰ কাম পৰিদৰ্শন কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্প অমৃত সৰোবৰৰ জৰিয়তে জল সংৰক্ষণ, বিজ্ঞানসন্মত মীন পালন তথা বৃক্ষ ৰোপণ আদিৰ জৰিয়তে অসমৰ ৰাইজ আগন্তুক দিনত যথেষ্ট উপকৃত হ'ব বুলি কয় ।
অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অমৃত সৰোবৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে সকলোৰে পৰা সহযোগিতা বিচাৰে । টিংখাং সমষ্টিৰ অন্তৰ্গত নিৰ্মীয়মান অমৃত সৰোবৰ প্ৰকল্পসমূহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে পৰিদৰ্শন কৰাৰ লগতে অগ্ৰগতি সম্পৰ্কত বুজ লৈ এই ক্ষেত্ৰত সকলোকে উন্নয়নৰ মনোভাৱেৰে কাম কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিভাগৰ বিষয়া-কৰ্মচাৰী, অভিযন্তা তথা নিৰ্মাণ কাৰ্যত জড়িত ব্যক্তি সকলক প্ৰধানমন্ত্ৰীৰ এই সপোনৰ প্ৰকল্প অমৃত সৰোবৰ নিৰ্মাণৰ ক্ষেত্ৰত নিষ্ঠাপূৰ্ণভাৱে অতি শীঘ্ৰে সম্পাদন কৰিবলৈ আহ্বান জনায় ।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতা, উন্নয়ন খণ্ড বিষয়া তাপসী দেৱনাথ, লোক নিৰ্মাণ বিভাগৰ মহকুমা বিষয়া ৰূপক ডেকাৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে । উল্লেখ্য় যে টিংখাঙৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত সমষ্টিটোত ৪ লাখ টকা ব্যয় সাপেক্ষে ১৬ খন আঁচনি গ্ৰহণ কৰা হৈছে । বৰ্তমানলৈকে আঁচনি কেইখনৰ প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তত অমৃত সৰোবৰ আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম আৰু বিসংগতি দেখা দিছে (Amrit Sarovar in Dibrugarh)। তেনে পৰিস্থিতিত মন্ত্ৰী বিমল বড়াই নিজ সমষ্টি টিংখাঙত এই আচঁনিৰ ৰূপায়ণত কিমান সফল হ'ব সেয়া লক্ষনীয় হ'ব ।