Minister Atul Bora: আছুৰ বিৰুদ্ধে বিৰূপ মন্তব্য নকৰাৰ অংগীকাৰ মন্ত্ৰী অতুল বৰাৰ
🎬 Watch Now: Feature Video
তেজপুৰ, ১ অক্টোবৰ: তেজপুৰৰ ভিতৰ পৰোৱাত কৃষি বিভাগৰ দ্বাৰা আয়োজন এক কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ৷ দেওবাৰে বিয়লি অনুষ্ঠিত কাৰ্যসূচীত অংশ লোৱাৰ পিচত অগপৰ সভাপতিগৰাকীয়ে কয়, ‘‘মোৰ প্ৰথম পৰিচয় আছিল আছু ৷ আছু এনে এটা ছাত্ৰ সংগঠন যি সংগঠনে সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিছিল ৷ ৰাজনৈতিক দলৰ অংশীদাৰ হোৱাৰ মূলতে আছু ৷ নিজকে কেতিয়াও ‘ডলাৰ বগৰি’ সজোৱা নাই ৷’’
ইফালে, আগন্তুক লোকসভা নিৰ্বাচনত অগপই সংসদলৈ প্ৰাৰ্থী পঠিওৱাটো নিশ্চিত বুলি দাবী কৰি তেওঁ কয়, ‘‘কোন সমষ্টিত আৰু কেইটা সমষ্টিত প্ৰাৰ্থী দিব অগপই সেয়া আলোচনা কৰাৰ সময় হোৱা নাই ৷’’ আনহাতে মিত্ৰজোঁটৰ লগত সমিলমিলৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ কথা উল্লেখ কৰে অগপ দলৰ সভাপতি অতুল বৰাই ৷