শৈশৱে ৰিঙিয়াই ! অতুল বৰাৰ খেৱালি জালত ৰৌ-মিৰিকা-চিতল - Minister Atul Bora
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-01-2024/640-480-20502801-thumbnail-16x9-ckvjx.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 13, 2024, 10:19 PM IST
নিউজ ডেস্ক, 13 জানুৱাৰী: দেওবাৰে ভোগালীৰ উৰুকা ৷ গা সাতখন, আঠখন হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ ৷ যিমানেই ব্যস্ততাময় সময় নাহক, ৰুধিব নোৱাৰে বিহুৰ উছাহক ৷ ৰাজনৈতিক ক্ষেত্ৰখনত অধিক সময় কটোৱা মন্ত্ৰী অতুল বৰাও উৰুকাৰ আগদিনা ব্যস্ত হৈ পৰিল মাছ ধৰা পৰ্বত ৷
মন্ত্ৰীগৰাকীক গৃহ সমষ্টিত শনিবাৰে দেখা গ’ল হাতত জাল লৈ মাছ ধৰি থকা অৱস্থাত ৷ লগতে পুখুৰীত সাতুৰি-নাদুৰি যেন মন্ত্ৰীগৰাকী উভতি গ’ল শৈশৱৰ দিনবোৰলৈ ৷
ভাললগা মুহুৰ্তবোৰৰ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে সমাজিক মাধ্যমত লিখিছে-
‘‘ উৰুকাৰ প্ৰাকক্ষণত মাছ ধৰাৰ পৰম্পৰাই আমাৰ মাজৰ সমন্বয়ৰ সাঁকোখন সুদৃঢ় কৰি আহিছে। নিজে মাছ ধৰি উৰুকাৰ নিশা সেই মাছেৰে মিলিজুলি এসাঁজ খোৱাৰ আমেজেই সুকীয়া । সেয়েহে উৰুকা বুলিলেই মনলৈ উভতি আহে শৈশৱ, কৈশোৰৰ সোণালী দিনবোৰ, কিয়নো তেতিয়াও আমি তেনেদৰেই মাছ ধৰাৰ পৰম্পৰা হাঁহি-ধেমালি আৰু সম্প্ৰীতিৰে পালন কৰিছিলোঁ ।’’
লগতে পঢ়ক: ভোগালী বিহুৰ প্ৰাকক্ষণত সমবেত হ’ল এজাক কুকুৰ, মন মুহিলে ধেমাজিবাসীৰ