BJP Mahila Morcha :আজি সামৰণি পৰিব ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 1:23 PM IST

thumbnail

গুৱাহাটী, 10 ছেপ্টেম্বৰ: মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা । প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন । 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে এই কাৰ্যনিৰ্বাহক সভাৰ । 

10 ছেপ্টেম্বৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগতে এক প্ৰদৰ্শনী অনুষ্ঠান মুকলি কৰে মন্ত্ৰী অশোক সিংহলে । এই প্ৰদৰ্শনীত প্ৰদৰ্শিত মহিলা মৰ্চাৰ কাৰ্যৰ ছবিসমূহ দেখি আপ্লুত হয় মন্ত্ৰীগৰাকী । লগতে মহিলা মৰ্চাৰ কাৰ্যৰ প্ৰশংসা কৰে মন্ত্ৰী অশোক সিংহলে । বিভিন্ন ৰাজ্যৰ সভাপতিসহ 200 গৰাকী প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে এই কাৰ্যনিৰ্বাহক সভাত । 

দুদিনীয়াকৈ অনুষ্ঠিত এই সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী তামি ৱানাথি শ্ৰীনিৱাসন । উল্লেখ্য যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ আৰু আগন্তুক 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে মহিলা মৰ্চাই চলাইছে এই প্ৰস্তুতি । 

ইতিমধ্যে শনিবাৰৰ দিনটোৰ কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকে । অন্তিম দিনৰ বিয়লি ভাগৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Accident news : পথ দুৰ্ঘটনাত গোৱালপাৰাত থিতাতে মৃত্যু হ’ল মেঘালয়ৰ 2 যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.