মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মিনাংক বৰুৱাই - Majuli News
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-01-2024/640-480-20536976-thumbnail-16x9-majuli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 18, 2024, 2:08 PM IST
মাজুলী, 18 জানুৱাৰী : কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ অধ্যয়নৰ ফলত যে সফলতা লাভ কৰিব পাৰি তাৰে প্ৰমাণ কৰিলে মাজুলীৰ মিনাংক বৰুৱাই ৷ উল্লেখ্য যে, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মিনাংক বৰুৱাই ৷ ৰাজ্যৰ ভিতৰতে 413 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ মিনাংকই ৷
ইফালে মিনাংকই নিজৰ সফলতাৰ কৃতিত্ব দিলে পিতৃ-মাতৃক ৷ তেওঁ লগতে কয়, ‘‘ মই পূৰ্বেও এ পি এ চিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলো ৷ কিন্তু উত্তীৰ্ণ হ’ব পৰা নাছিলো ৷ কিন্তু হতাশা নহয় পুনৰ অধ্যয়ন কৰি আছিলো ৷ অৱশেষত উত্তীৰ্ণ হ’লো ৷’’ আগন্তুক দিনত এ পি এ চিৰ পৰীক্ষা অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, একাগ্ৰতাৰে অধ্যয়ন কৰিলে নিশ্চয় এদিন সফলতা লাভ কৰিব ৷
লগতে পঢ়ক : 13 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অসম ভাওনা সমাৰোহ ২০২৪