thumbnail

World Migratory Bird Day : পূৰ্বৰ দৰে কলিয়াবৰৰ জয়সাগৰ দলনিলৈ কলৰৱ তুলি নাহে পৰিভ্ৰমী পক্ষী

By

Published : May 13, 2023, 7:20 PM IST

কলিয়াবৰ, 13 মে’ : চৰাইৰ পৰিভ্ৰমণ, প্ৰকৃতিৰ এক আশ্চৰ্যকৰ পৰিঘটনাৰ ভিতৰত অন্যতম ৷ চৰাইৰ পৰিভ্ৰমণ বুলিলে সততে মনলৈ আহে চৌদিশে কলৰৱ তুলি জাকপাতি উৰি যোৱা সেই চৰাইবোৰৰ কথা ৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় 20 % অৰ্থাৎ প্ৰায় 2000 বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে ৷

বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসৰ আজিৰ এই বিশেষ দিনটোতে ক’বলৈ লৈছো কলিয়াবৰৰ বৃহৎ আদ্ৰভূমি জয়সাগৰ দলনিখনৰ কথা (World Migratory Bird Day) ৷ শীতৰ সময়ছোৱাত এই দলনিখনলৈ আগমন ঘটে বহু পৰিভ্ৰমী পক্ষীৰ । বিশেষকৈ পেলিকান, চাকৈচকোৱা,শৰালি হাঁহ, দেওহাঁহ, পানীটুপি, বালিমাহী, হাড়গিলা আদি বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে জয়সাগৰ দলনিলৈ ।

নৱেম্বৰৰ পৰা জুন মাহৰ মাজভাগলৈকে বহু পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰে জয়সাগৰ দলনি । পৰিভ্ৰমী পক্ষী চাবলৈ ভিৰ কৰে বহু পৰ্যটকেও । কিন্তু ক্ৰমাৎ পৰিভ্ৰমী পক্ষী জয়সাগৰ দলনিলৈ আগমন ঘটা কম পৰিলক্ষিত হৈছে (Migratory birds rarely visit Joysagar wetland in Kaliabor)। যাক লৈ উদ্বিগ্ন হৈ পৰিছে পক্ষী প্ৰেমীসকল । সেয়ে এতিয়া প্ৰকৃতি সংৰক্ষণৰ লগতে পৰিভ্ৰমী পক্ষী সংৰক্ষণতো গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীয়ে (Conservation of migratory birds) ।

লগতে পঢ়ক : Bat preserve at Dhakuakhana: এজাক বাদুলী আৰু দুজন ভাতৃৰ 20 বছৰীয়া প্ৰকৃতি প্ৰেমৰ এক অনন্য কাহিনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.