Sri Sri Maha Shivaratri: শিৱদৌলৰ শিৱৰাত্ৰিত অনুৰাধা পড়োৱালৰ সংগীতানুষ্ঠান

By

Published : Feb 8, 2023, 5:36 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

শিৱসাগৰ,৮ ফেব্ৰুৱাৰী: অহা ১৮ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি । ইতিমধ্যে অসমৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰি উদযাপনৰ আয়োজন কৰা হৈছে (Sri Sri Maha Shivaratri) । একেদৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণতো অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব "শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলা" (Mha Shivaratri at historical Shivadoul) । 

বুধবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে শিৱদৌল উন্নয়ন পৰিষদে । শিৱদৌল উন্নয়ন পৰিষদে জনোৱা মতে, ১৭ ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰিৰ কাৰ্যসূচী উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (central minister Sarbananda Sonowal) । আনহাতে, ১৮ ফেব্ৰুৱাৰী সন্ধিয়া এনামুদ্দিন আহমেদৰ সম্পাদনাত প্ৰকাশ হ'বলগীয়া স্মাৰক গ্ৰন্থ ‘পঞ্চানন’ উন্মোচন কৰিব প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়াই । 

ইয়াৰ পাচতেই লোকশিল্পী খগেন গগৈ আৰু কণ্ঠশিল্পী ময়ূৰী দত্তৰ ভক্তিমূলক গীতৰ অনুষ্ঠান পৰিবেশন কৰা হ'ব । উল্লেখ্য, এইবাৰ মহা শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । বিশেষকৈ বলিউডৰ বিশিষ্ট সংগীত শিল্পী অনুৰাধা পড়োৱালৰ এটা সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ মহা শিৱৰাত্ৰিত । 

আনহাতে, ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ভক্তিমূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তাৰ পাচতেই বলিউডৰ বিখ্যাত কণ্ঠশিল্পী পদ্মশ্ৰী ড৹ অনুৰাধা পড়োৱালৰ সংগীতানুষ্ঠান “সত্যম শিৱম সুন্দৰৰ্ম” অনুষ্ঠিত হ'ব (Anuradha Padowal at Shivadoul Shivaratri 2023) । মহা শিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা হৈছে বিশাল বাণিজ্য মেলা । এই মহা শিৱৰাত্ৰি মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ ৫৮০ খনৰো অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব বুলি শিৱৰাত্ৰি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে । উল্লেখ্য, শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ শিৱৰাত্ৰিৰ আছে এক ঐতিহাসিক পটভূমি । প্ৰতিবছৰে শিৱৰাত্ৰি উপলক্ষে অগণন ভক্তৰ সমাগম হয় শিৱদৌলত । 

লগতে পঢ়ক: Tinsukia murder case: ধলা হাঁহখাইতীৰ হত্যাকাণ্ডৰ নতুন মোৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.