thumbnail

Boat accident at Dhalpur: ধলপুৰত লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; আহত 10 গৰাকী চিকিৎসা কৰ্মী

By

Published : Aug 8, 2023, 9:20 AM IST

দৰং, 8 আগষ্ট : ৰাজ্যত আকৌ নাও দুৰ্ঘটনা ৷ এইবাৰ ছিপাঝাৰৰ ধলপুৰত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনাটো । দুখনকৈ ভটভটি নাৱৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় নাও দুৰ্ঘটনাটো ৷ জানিব পৰা মতে, এই নাও দুৰ্ঘটনাত আহত হৈছে 10 গৰাকী চিকিৎসা কৰ্মী ।

আহত চিকিৎসকৰ দলটোৰ নাৰ্চসকল হৈছে পপিতা দেৱী, মেৰিজান নিচা, পূৰ্ণিমা নাথ, জেউতি নাথ, শশীপ্ৰভা নাথ, কনকলতা নাথ, জ্যেষ্ঠ চিকিৎসা কৰ্মী অৰুণ ডেকা, হিতেশ ডেকা ৷ ইয়াৰে 4 গৰাকী আহত চিকিৎসাকৰ্মীক অতি সংকটজনক অৱস্থাত মঙলদৈৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আহতসকলে বেছিকৈ মূৰ আৰু হাতত আঘাত পাইছে বুলি জানিব পৰা গৈছে ৷

আহত এগৰাকী চিকিৎসা কৰ্মীয়ে উল্লেখ কৰা অনুসৰি, ছিপাঝাৰৰ ব্লক পিএইচচিৰ পৰা ধলপুৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ পৰিছিল উক্ত চিকিৎসা কৰ্মীৰ দলটো ৷ ছিপাঝাৰৰ পৰা ধলপুৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ অভিমুখে গৈ থকা অৱস্থাতে লুইতৰ বুকুত দুখন নাৱৰ মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷ অৱশ্যে সৌভাগ্যক্ৰমে এই নাও দুৰ্ঘটনাত কোনো লোকৰে মৃত্যু হোৱা নাই ৷

লগতে পঢ়ক : Press meet:স্বায়ত্ব শাসনৰ দাবীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰাক লৈ কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.