thumbnail

By

Published : Jul 3, 2023, 4:18 PM IST

ETV Bharat / Videos

Protest in Dibrugarh:মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত প্ৰতিবাদ

ডিব্ৰুগড়,3 জুলাই: মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত মটক যুৱ-ছাত্ৰ সন্মিলনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মটক জনগোষ্ঠীক অতি শীঘ্ৰে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত চাৰিটা সমষ্টিৰ এলেকাৰ অন্তৰ্ভুক্তিৰ আসোঁৱাহসমূহ দূৰীকৰণৰ ব্যৱস্থা কৰা,মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মটক যুৱ-ছাত্ৰ সন্মিলনে ৷ 

চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দিয়া ছমাহৰ ম্যাদ ওকলি যোৱাৰ পিচতে সোমবাৰৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মটক যুৱ-ছাত্র সন্মিলনে। ইফালে আলফা সমস্যা শান্তি আলোচনাৰ জৰিয়তে স্থায়ী ৰাজনৈতিক সমাধান কৰাৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে মটক যুৱ-ছাত্ৰ সন্মিলনে মুখ্যমন্ত্ৰীলৈ ১১ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক:Akhil Gogoi Challenges to Assam CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.