thumbnail

By

Published : Apr 25, 2023, 10:48 AM IST

ETV Bharat / Videos

Nagaon Fire Incident : নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড, দিশহাৰা পাঁচটা পৰিয়াল

নগাঁও, 25 এপ্ৰিল : নগাঁৱত অঘটন ৷ সোমবাৰে নিশা নগাঁৱৰ 2 নং মোল্লাপট্টিৰ আৰৱ আলী পথত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ (Nagaon Fire Incident) ৷ জানিব পৰা মতে, চায়েব কটোৱাল নামৰ ব্যক্তিজনৰ ঘৰত প্ৰথমে এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে ৷

বিৱৰণি অনুসৰি, সোমবাৰে নিশা হঠাৎ জ্বলি উঠে চায়েব কটোৱালৰ ঘৰ ৷ কেৱল চায়েব কটোৱালৰ ঘৰেই নহয়, তেওঁৰ ঘৰত ভাড়াতীয়া হিচাবে থকা আন পাঁচটাকৈ পৰিয়ালৰো বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি যায় ৷ নিমিষতে জুই লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো ৷ এই অগ্নিকাণ্ডত জাহ যায় পাঁচোটা পৰিয়ালৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ কেইবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী ৷

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ আনুমানিক এই অগ্নিকাণ্ডত তিনিটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ ফলত নিমিষতে জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰী (Massive fire broke out in Nagaon) ৷ অৱশ্যে এই অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে কেইবাজনো লোকৰ (Fire Broke out in Nagoan) ৷

ইফালে পথ সৰু হোৱাৰ বাবে ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন যোৱাত বাধাৰ সন্মুখীন হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোকৰ প্ৰচেষ্টাত নিৰ্বাপিত হয় এই জুই  ৷ 

লগতে পঢ়ক : Elephant attack in Majuli: মাজুলীত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.