Fire Break Out at Tingkhong: টিংখাঙত নিশা চিলিণ্ডাৰ বিস্ফোৰণ - Cylinder Blast at Tingkhong
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-10-2023/640-480-19806924-thumbnail-16x9-hh.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 19, 2023, 3:38 PM IST
ডিব্ৰুগড়, 19 অক্টোবৰ: কাতি বিহু উদযাপনৰ মাজতে টিংখাঙত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । টিংখাঙৰ ন-শ্ৰীপুৰীয়া গাঁৱৰ থানেশ্বৰ গগৈৰ পুত্ৰ মনজিৎ গগৈৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড । জানিব পৰা মতে, চিলিণ্ডাৰৰ পৰা জুইৰ সুত্ৰপাত হয় । অৱশ্যে স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে পৰিয়ালটো । ইফালে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ আটাইকেইজন সদস্য ৷
‘‘প্ৰথমে চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হৈছিল ৷ মই জুই নুমুৱাবলৈ চেষ্টা কৰিছিলো যদিও নোৱাৰিলে ৷ লগে লগে চিঞৰ বাখৰ কৰাত ঘৰৰ ভিতৰত থকা লোকসকল বাহিৰলৈ দৌৰি যায় ৷ তাৰ পিচতে চিলিণ্ডাৰটো বিস্ফোৰণ হয় ৷ জুই দেখি ৰাইজ ওলাই আহি জুই নুমুৱাত আমাক সহায় কৰে ৷ কিছু সময়ৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱালৈ সক্ষম হয় ৷’’ এই মন্তব্য ভুক্তভোগী পৰিয়ালৰ সদস্যৰ ৷