thumbnail

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:56 PM IST

ETV Bharat / Videos

Fire in Tinsukia: টিংখাঙত ভয়ংকৰ অগ্নিকাণ্ড, দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

ডিব্ৰুগড়,২৯ ছেপ্টেম্বৰ: ডিব্ৰুগড়ৰ টিংখাঙত ভয়ংকৰ অগ্নিকাণ্ড । টিংখাঙৰ ২ নং নাচনী গাঁৱত সংঘটিত হৈছে‌ এই বিধ্বংসী অগ্নিকাণ্ড । দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সৰুমন চাউদাঙৰ গৃহত সংঘটিত হয় এই ঘটনা । বিস্ফোৰণৰ ‌ফলত বিধ্বংসী জুইয়ে নিমিষতে ভস্মীভূত কৰি পেলায় সম্পূৰ্ণগৃহটো । অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও পৰিয়ালটোৰ বহু লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় । 

সৌভাগ্যবশত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যক্তিজনৰ ঘৰত বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । 

লগতে পঢ়ক: Press meet over patient death:ৰোগীৰ মৃত্যুক লৈ নগাঁৱৰ চিম‍‌ছ হাস্পতাল কৰ্তৃপক্ষৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.