Fire Break out at Longai Tea Estate : পাথাৰকান্দিৰ লংগাই চাহ বাগিচাৰ কলঘৰত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:05 PM IST

thumbnail

কৰিমগঞ্জ, 30 আগষ্ট : পাথাৰকান্দিৰ লংগাই চাহ বাগিচাৰ কলঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত কলঘৰটোৰ ব্যাপক ক্ষতি ৷ অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলি অনুমান কৰা হৈছে ৷

জানিব পৰা মতে এই অগ্নিকাণ্ডত কলঘৰটোৰ কেইবাটাও অংশ জ্বলি ছাই হৈ পৰে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হোৱাত লংগাই চাহ বাগিচাৰ কলঘৰটো বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অধীনৰ লংগাই চাহ বাগিচাৰ কলঘৰত বুধবাৰে দিনৰ প্ৰায় 2-30 বজাত অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ভয়াবহ অগ্নিকাণ্ডত পাথাৰকান্দিৰ লংগাই চাহ বাগিচাৰ কলঘৰৰ ব্যাপক ক্ষতিসাধন হয় ৷ 

অগ্নিকাণ্ডত কলঘৰটোৰ কিছু অংশৰ লগতে ওপৰৰ চালিখনো জুইৰ শিখাত ধ্বংস হয় ৷ অৱশ্যে এই খবৰ পোৱাৰ পাছতে পাথাৰকান্দি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই ৷

লগতে পঢ়ক : Teok viral video:চোৰাং গৰু বেহাৰে জড়িত আমছু খিলঞ্জীয়াৰ নেতা !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.