thumbnail

By

Published : Jun 16, 2023, 4:04 PM IST

ETV Bharat / Videos

Erosion at Dibrugarh:ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ

ডিব্ৰুগড়, 16 জুন:  ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ  ৷ নতুনকৈ নিৰ্মাণ কৰা জিঅ'বেগৰ বান্ধৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৷ কেইবাদিনো ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ পাচতেই ডিব্ৰুগড় চহৰৰ উপকন্ঠৰ মাইজানত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰে লৈছে ভয়াবহ ৰূপ । নতুনকৈ নিৰ্মাণ কৰা জিঅ'বেগৰ বান্ধৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী । বাঢ়নী পানীয়ে খহাই নিছে সুৰক্ষা বান্ধৰ মাটি । নাবাৰ্ডৰ অৰ্থসাহাৰ্য্যত 46 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে ১৪০০ মিটাৰ মথাউৰি আৰু ২৫০০ মিটাৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা । অসম্পূৰ্ণ মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ ফলত নৱ-নিৰ্মিত মথাউৰিৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী । যাৰ বাবে ডিব্ৰুগড় চহৰলৈ নামি আহিছে তীব্ৰ ভাবুকি । ইফালে এই স্থানতে এবছৰ পূৰ্বে সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই আতংকিত কৰি তুলিছিল চহৰবাসীক । খহনীয়াস্থলীত উপস্থিত হৈ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে । শেহতীয়াকৈ পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নৱ-নিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী বাগৰি অহাত যিকোনো মুহুৰ্তত জলমগ্ন হ'ব পাৰে ডিব্ৰুগড় চহৰ । পানীৰ প্ৰকোপ বৃদ্ধি পাই থাকিলে ডিব্ৰুগড়ৰ চহৰৰ সুৰক্ষা বান্ধ বাঢ়নী পানীয়ে ভাঙি পেলোৱাৰ সম্ভৱনাই অধিক ।

লগতে পঢ়ক:Majuli Nimati ferry service : বিপদসংকুলভাৱে 108 এম্বুলেঞ্চৰ যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.