Joining meeting of BJP : ওদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী - লোকসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 9:27 PM IST
ওদালগুৰি, 24 ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলৰ স্থিতি শক্তিশালী কৰিবলৈ দল সমূহে আয়োজন কৰিছে বিশাল যোগদান সভা ৷
ওদালগুৰি জিলাৰ নোনাই চেৰফাং বিজেপি মণ্ডলৰ উদ্যোগত আৰু জিলা বিজেপিৰ সহযোগত দেওবাৰে নোনাই চেৰফাঙৰ ঔৰংগাজুলিত অনুষ্ঠিত হয় এক বিশাল যোগদান কাৰ্যসূচী ৷ বিপিএফ, ইউপিপিএলৰ লগতে আন বিভিন্ন দল-সংগঠনৰ পৰা প্ৰায় তিনিহাজাৰতকৈ অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ ইএম সঞ্জীত তাঁতী, ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, বিজেপিৰ ৰাজ্যিক নেতা সুজিৎ সৰকাৰ, নীলিমা ব্ৰহ্মৰ লগতে সাংসদ দিলীপ শইকীয়া ৷
সাংসদ দিলীপ শইকীয়াই কয় যে, লোকসভা নিৰ্বাচনলৈ আৰু ৬ মাহ বাকী আছে ৷ কি ৰাজনৈতিক পৰিস্থিতিৰ উদ্ভৱ হয় স্বাভাৱিকতে এতিয়া ক’ব পৰা নাযাব ৷ নিৰ্বাচনৰ সময় আহক; বিটিচিবাসীৰ স্বাৰ্থত আমাৰ দলে নিশ্চয় উচিত সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷
লগতে পঢ়ক : Loksabha Election 2024 : ’ৰাহুল গান্ধীয়ে অসমত মূৰ ঘমাই লাভ নাই’ মন্ত্ৰী পীযুষ হাজৰীকা