Assam CM announcement : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে হাঁহি বিৰিঙিছে আইতাহঁতৰ মুখত ! - Assam CM announcement in Marigaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 9, 2022, 6:54 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

মৰিগাঁৱত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা সম্বোধন কৰিছিল (Assam CM meeting at Marigaon)। এই সভাৰ পাছতে জিলাখনৰ আইতাহঁতৰ মাজত উছাহ উদ্দীপনাই বিৰাজ কৰিছে । জিলাখনৰ দলৈচুবা গাঁৱৰ নামঘৰত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু সফলতা কামনা কৰি চাকি জ্বলাইছে একাংশ বৃদ্ধাই । জিলাখনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা কেইবাটাও ঘোষণাৰ পাছতে বৃদ্ধাসকলৰ মুখত হাঁহি দেখা গৈছে (Marigaon elderly woman delighted with Assam CM)। উল্লেখ্য যে মৰিগাঁৱত বৃহস্পতিবাৰে প্ৰায় ৯১০ কোটি টকা ব্যয় সাপেক্ষে ১২ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিশেষকৈ বৃদ্ধ মহিলাসকলক বৃদ্ধ পেঞ্চনৰ পৰিৱৰ্তে অৰুণোদই আঁচনিৰ অধীনত প্ৰতি মাহে ১,২৫০ টকাকৈ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে (Assam CM announcement in Marigaon)। যাক লৈ আনন্দিত হৈছে বৃদ্ধাসকল । সকলোৱে আশীৰ্বাদ দিছে মুখ্যমন্ত্ৰীগৰাকীক ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.