Educational tour bus accident : গোৱালপাৰাত দুৰ্ঘটনাত পতিত হ’ল শিক্ষামূলক ভ্ৰমণৰ বাছ; আহত 100 ৰোধিক

By

Published : Jan 15, 2023, 9:50 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ভোগালীৰ উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দুধনৈত অঘটন ৷ শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী থকা এখন বাছ দুৰ্ঘটনাত পতিত হয় উৰুকাৰ নিশা (Educational tour bus accident in Goalpara)৷ ফলত আহত হয় 100 ৰো অধিক শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী ৷ ইয়াৰে ভিতৰত গুৰুতৰভাৱে আহত হয় 15 গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী ৷

উল্লেখ্য যে, শনিবাৰে গোৱালপাৰা জিলাৰ মাটিয়া বহতী হাইস্কুলৰ শিক্ষাৰ্থীসকলক লৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে গুৱাহাটীৰ চিৰিয়াখানা আৰু চাইন্স মিউজিয়াম দেখুৱাবলৈ গৈছিল ৷ উভতনি পথত গোৱালপাৰাৰ দুধনৈস্থিত মা বনবাসী থানৰ সন্মুখত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন বাইকে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছখনক খুন্দিয়াবলৈ উদ্যত হয় ৷

তেনে সময়ত বাইক আৰোহীক বচাবলৈ বাছৰ চালকজনে বাছখন অন্যদিশে নিয়াৰ চেষ্টা কৰে ৷ কিন্তু বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাই পৰে (Many people injured in a bus accident in Goalpara) ৷ ফলত বহু শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়েত্ৰী কম বেছি পৰিমাণে আহত হয় ৷ ইফালে বাছখন সম্পূৰ্ণ লুটি খোৱা দেখি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷

স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ তৎপতাত বাছখনৰ ভিতৰৰ পৰা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ৈ প্ৰেৰণ কৰা হয় ৷ শেহতীয়া তথ্য অনুসৰি, আহত হোৱা ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.