thumbnail

By

Published : Jun 26, 2023, 12:49 PM IST

ETV Bharat / Videos

Accident at Juria : জুৰীয়াত স্থানীয় লোকৰ ওপৰেদি চলিল চাৰিচকীয়া বাহন, স্কুলীয়া শিক্ষাৰ্থীসহ আহত 9 জন

নগাঁও, 26 জুন : নগাঁও জিলাৰ জুৰীয়াৰ বাটমাৰীত সোমবাৰে পুৱাই সংঘটিত হয় এক অঘটন । সাধাৰণ কাজিয়াই লয় ভয়ংকৰ ৰূপ । খঙৰ ভমকত স্থানীয় ৰাইজৰ ওপৰেৰে এজন লোকে চলালে চাৰিচকীয়া বাহন । অভিযুক্তটোৰ নাম মইনুল বুলি জানিব পৰা গৈছে । ফলত নজনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে পুৱাই জুৰীয়াৰ বাটমাৰীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, পইচাৰ লেনদেন সংক্ৰান্তীয় কোনো কথাত মইনুল আৰু ছাজিদৰ মাজত হৈছিল কাজিয়া ৷ তাৰ পাচতে ছাজিদৰ চাৰিচকীয়া বাহনৰ চাবি কাঢ়ি বাহনখন লৈ ওলাই যায় মইনুলনে ৷ ইফালে দুয়োৰে মাজৰ কাজিয়া বেয়াৰ ফালে গতি কৰাত স্থানীয় লোকে মীমাংসা কৰাৰ চেষ্টা কৰে যদিও মইনুলক শান্ত কৰিব নোৱাৰিলে ৷

আনকি মইনুলে ছাজিদৰ চাৰিচকীয়া বাহনেৰে তেওঁক খুন্দা মাৰিবলৈ চেষ্টা চলাওঁতেই স্থানীয় বহু ৰাইজে গাড়ীখনৰ আগত আগভেটি ধৰি বাধা দিয়াৰ চেষ্টা কৰে ৷ কিন্তু খঙৰ ভমকত গাড়ীখনৰ আগত আগভেঁটি ধৰা সকলোকে মহতিয়াই লৈ যায় মইনুলে ৷ ফলত 9 জনকৈ লোক আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ইয়াৰে অধিকাংশই স্কুলীয়া শিক্ষাৰ্থী ৷

তথ্য অনুসৰি, আহত দুজনক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ বিপৰীতে সাতজন লোকক উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে দগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Odisha road accident : গঞ্জামৰ ডিগাপাহাণ্ডীত দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ; আহত 12 নিহত 8

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.