Operation against child marriage: নগাঁৱত আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান - Operation against child marriage in assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/640-480-19668873-thumbnail-16x9-cs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 3, 2023, 1:05 PM IST
নগাঁও, 3 অক্টোবৰ: বাল্য বিবাহৰ বিৰুদ্ধে নগাঁও জিলাৰ জুৰীয়া আৰু বটদ্ৰৱাত অভিযান চলায় আৰক্ষীয়ে । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিতু দাসৰ নেতৃত্বত নিশা জুৰীয়াৰ চতিয়ানত চলা অভিযানত আটক হয় পিতা-পুত্ৰ । ধৃত পিতা-পুত্ৰ দুজন ক্ৰমে আবু বক্কৰ ছিদ্দিক আৰু ৰফিকুল ইছলাম । এই অভিযানত আৰু বহু আটক হোৱাৰ আছে সম্ভাৱনা আছে ।
ইপিনে বটদ্ৰৱাতো পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত অভিযান চলাই বটদ্ৰৱাৰ হাইডুবি গাঁৱৰ পৰা আটক কৰা হয় অবৈধভাৱে বিবাহ সম্পন্ন কৰা দম্পতি আমিৰ হুছেইন আৰু আফচনা খাতুনক । লগতে এই বিবাহৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে দম্পতিটোৰ পিতৃ ক্ৰমে আব্দুল আলী আৰু আব্দুল শ্বাহীদক আটক কৰে ।
লগতে পঢ়ক: Anti Child marriage operation: বাল্যবিবাহ বিৰোধী অভিযানত বঙাইগাঁৱত গ্ৰেপ্তাৰ 39 জন
TAGGED:
বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষী