Bhut jolokia crops damaged : ধুমুহাই স্বপ্ন ভংগ কৰিলে ধেমাজিৰ ভোট জলকীয়া কৃষকৰ - ভোট জলকীয়াৰ খেতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 4, 2023, 9:49 PM IST

ধেমাজি, 4 এপ্ৰিল : চ’তৰ এই সময়চোৱাত বৰদৈচিলা গৈছে মাকৰ ঘৰলৈ ৷ হিল-দল ভাঙি চিঙি বৰদৈচিলাই সকলো নিছে উৰুৱাই ৷ চ’তত অহা এই বৰদৈচিলাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ধেমাজিত চলাইছে তাণ্ডৱ ৷ বিশেষকৈ এই বৰদৈচিলাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু চহা কৃষক ৷

ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ চিৰিপানীৰ গৰৈমাৰী গাঁৱৰ নিবনুৱা যুৱক ৰঞ্জিত কটকীয়ে গাঁঠিৰ ধন ভাঙি 6 বিঘা মাটিত ভোট জলকীয়া খেতি কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, দেওবাৰে অহা প্ৰবল বতাহ-বৰষুণ আৰু প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ভোট জলকীয়াৰ খেতি (Many ghost pepper crops damaged due to Heavy rain in Dhemaji) ৷ যাৰ ফলত এতিয়া মূৰে কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে কৃষক ৰঞ্জিত কটকীৰ ৷

ভুক্তভোগী কৃষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বজাৰত মাত্ৰ এই ভোট জলকীয়া বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলহে ৷ এনে সময়তে এই ধুমুহাই জলকীয়া খেতিডৰা নষ্ট কৰি পেলায় (Bhut jolokia crops damaged in Dhemaji) ৷ ফলত হতাশগ্ৰস্ত হৈ পৰিছে চহা কৃষকজন ৷ উপায়ন্তৰ হৈ চৰকাৰক কিছু সহায় কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া কৃষকগৰাকীয়ে ৷

লগতে পঢ়ক : Hailstorm in Dibrugarh : ডিব্ৰুগড়ৰ খোৱাঙত শিলাবৃষ্টি; 25 খনৰো অধিক গাঁৱত বিস্তৰ ক্ষতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.