Maha Navami 2023 : শ্ৰীশ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত ভক্তৰ ভিৰ - মা গোসাঁনীৰ বিগ্ৰহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-10-2023/640-480-19838346-thumbnail-16x9-jrht.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 23, 2023, 3:36 PM IST
যোৰহাট, 23 অক্টোবৰ : আজি মহানৱমী ৷ সমগ্ৰ ৰাজ্যৰ লগতে বৈদিক মন্ত্ৰোচ্ছাৰণ, ঢাক-ঢোলৰ শব্দত এতিয়া মুখৰিত হৈ পৰিছে যোৰহাটৰ পূজা মণ্ডপসমূহো ৷ উজনি অসমৰ শ বছৰ পুৰণি জাগ্ৰত শক্তিপীঠ শ্ৰীশ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত সাধাৰণ ৰাইজৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে মা দেৱী দুৰ্গাৰ আশিস ল’বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
সোমবাৰে বুঢ়ী গোসাঁনী দেৱালয়ত মা চৰণত আশিস ল’লে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে ।
উল্লেখ্য যে, আহোম ৰজা ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক পৰাস্ত কৰি মা গোসাঁনীৰ বিগ্ৰহ প্ৰথমে গড়গাঁৱত, তাৰ পিচত ৰংপুৰ আৰু পৰৱৰ্তী পৰ্যায়ত আহোমৰ শেষ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰাৰ সময়তে যোৰহাটৰ গড়আলিৰ পূৱ প্ৰান্তত মা দেৱী দুৰ্গা বিগ্ৰহ প্ৰতিষ্ঠা কৰাইছিল ৷ 1794 চনৰ পৰাই এই দেৱালয়ত পূজা অৰ্চনা কৰি অহা হৈছে ৷
জনবিশ্বাস অনুসৰি, মাৰ ওচৰত ভক্তিভাৱে সেৱা গ্ৰহণ কৰিলে ভক্তই মনে বিচৰা ধৰণে দেৱী দুৰ্গাই মনোবাঞ্চা পূৰণ কৰে ৷
লগতে পঢ়ক : Ajanta Neog visits Billbeshwar Devaloy : বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজাৰ আশীষ ল’লে মন্ত্ৰী অজন্তা নেওগে