Many Bangladeshi citizens : বাক্সাত চৈধ্যগৰাকী অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ - বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video


Published : Nov 1, 2023, 4:08 PM IST
বাক্সা, ১ নৱেম্বৰ : বাক্সাত চৈধ্যগৰাকী অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ জিলাখনৰ বৰমা, শালবাৰী আৰু গোৱৰ্ধনা আৰক্ষী থানাৰ বিভিন্ন গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অবৈধ নাগৰিক কেইগৰাকীক ৷ ইয়াৰে ন-গৰাকী মহিলাৰ আৰু পাঁচগৰাকী পুৰুষ ৷
বাক্সা জিলা সীমান্ত আৰক্ষীয়ে জানিব দিয়া অনুসৰি, গ্ৰেপ্তাৰ কৰা লোক কেইগৰাকীৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ আদালত দীৰ্ঘদিন ধৰি গোচৰ চলি আছিল ৷ কিন্তু অভিযুক্ত লোককেইজনে আদালতত ভাৰতীয় নাগৰিকত্বৰ কোনো নথিপত্ৰ দিব নোৱাৰাত আদালতে বিদেশী বুলি ঘোষণা কৰে ৷
আদালতৰ ঘোষণাৰ পাচতে মংগলবাৰে নিশা সীমান্ত আৰক্ষীয়ে অভিযুক্ত লোককেইজনক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰে বৰমা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী আৰু গড়ভিতৰৰ পৰা চাৰিজন, শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভকুৱামাৰীৰ পৰা পাঁচজন আৰু গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত এলেংগামাৰী, কুঠৰীজাৰ আৰু ৰাঘৱবিলৰ পৰা পাঁচজনৰ লগতে মুঠ চৈধ্যজন পুৰুষ- মহিলাক গ্ৰেপ্তাৰ কৰে ৷
সম্প্ৰতি গ্ৰেপ্তাৰ কৰা লোক কেইজনক আৰক্ষীয়ে গোৱালপাৰা আৰু কোকৰাঝাৰত থকা ডিটেনচন শিৱিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷
লগতে পঢ়ক : Protest in Lakhimpur: মধ্যাহ্ন ভোজন ৰন্ধনকৰ্মীৰ প্ৰতিবাদত উত্তাল লখিমপুৰ