Protest rally demanding manikpur as sub district: মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ - মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:55 AM IST

মাণিকপুৰ, 13 অক্টোবৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰে বৃহৎ পদযাত্ৰা বাহিৰ কৰে মাণিকপুৰবাসী ৰাইজে । মাণিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে এই যাত্ৰা । এমাহ যোৰা ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ অন্তত শুকুৰবাৰৰ ৰাতিপুৱা মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহৰ পৰা বঙাইগাঁও আয়ুক্ত কাৰ্যালয়লৈ এই প্ৰতিবাদী পদযাত্ৰা কৰে প্ৰতিবাদকাৰীয়ে ।

শ শ পুৰুষ মহিলাই এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, মাণিকপুৰক প্ৰথম অৱস্থাত খচৰাত সমষ্টি হিচাপে ঘোষণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুড়ান্ত তালিকাৰ জৰিয়তে সেই ঘোষণা প্ৰত্যাহাৰ কৰা হয় । ফলত উপ-জিলা হোৱাৰ পৰা বঞ্চিত হয় মাণিকপুৰবাসী ৰাইজ । মাণিকপুৰক উপ-জিলা ঘোষণা নকৰিলে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে প্ৰতিবাদীসকলে ৷

লগতে পঢ়ক : Manikpur Protest:মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত পাঁচ শতাধিক ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.