thumbnail

Man rescued: চাবুৱাৰ মণ্টফৰ্ট হাইস্কুলৰ সমীপত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এজন লোক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:04 PM IST

মৰাণ, 31 আগষ্ট : বৰ্তমান সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনেই ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে ৷  ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱাই চাবুৱাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ চাবুৱাৰ মণ্টফৰ্ট হাইস্কুলৰ সমীপত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এগৰাকী লোক উদ্ধাৰ কৰা হৈছে । ৰে'লপথৰ কাষতে পৰি আছিল ব্যক্তিগৰাকী।প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা স্থানীয় লোকে ৰে’ল লাইনৰ কাষতে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তিগৰাকীক। 

ইয়াৰ পাচতেই প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচতে ৰাইজে চাবুৱা আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰে । লোকজনৰ কাষতে এটা মাণিবেগ আৰু এযোৰ চেন্দেল উদ্ধাৰ কৰাত আৰক্ষীয়ে লোকজনৰ নাম আৰু ঠিকনা লাভ কৰিছে। লোকজন তিনিচুকীয়া জিলাৰ তালাপ এৰা গাঁৱৰ নৱদ্বীপ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। 

কেনেকৈ ব্যক্তিজনৰ এই অৱস্থা হ'ল সেই কথা জানিব পৰা হোৱা নাই। ঘটনাক লৈ চাবুৱা আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা কি । এই ঘটনাই চাবুৱাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

লগতে পঢ়ক: Minor Rape Case : গোৱালপাৰাত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.