thumbnail

Rape case in Jonai: জঘন্য ! বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধুৰ বিশেষভাৱে সক্ষম কন্যাক

By

Published : Jul 11, 2023, 2:03 PM IST

জোনাই, 11 জুলাই : জোনাইত সংগঠিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । নিজ পিতৃৰ বন্ধুয়ে এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱতীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । সোমবাৰে জোনাইৰ ৰতকে মিগাংগ গাওঁত সংগঠিত হয় এই নিৰ্লজ্জ কাণ্ডটো । এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ লৈ পিতৃৰ বন্ধুয়ে অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ লগতে পৰিয়ালটোৱে ৷ 

18 বছৰীয়া শাৰীৰিকভাৱে সক্ষম যুৱতীৰ পিতৃৰ বন্ধু নীলকান্ত পাইট ওৰফে মনোজৰ (46) ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । ধৰ্ষণকাণ্ড সংঘটিত কৰি অভিযুক্ত নীলকান্ত পাইট ওৰফে মনোজ ঘৰৰ পৰা পলাই যায় বুলি ভুক্তভোগী পৰিয়ালটোৱে উল্লেখ কৰে । পিচত যুৱতীগৰাকীৰ বৌৱেকে অচেতন অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰে । 

ইতিমধ্যে ভুক্তভোগী যুৱতীৰ পৰিয়ালে জোনাই থানাত নীলকান্ত পাইট ওৰফে মনোজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা নং 376(2)/(i)ৰ অধীনত 95/2023 নম্বৰত এক গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে ৷ অভিযুক্ত নীলকান্ত পাইট ওৰফে মনোজক শীঘ্রে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে পৰিয়ালটোৱে ।  

লগতে পঢ়ক : Artifical flood in Dhemaji:  চিলাপথাৰ নগৰৰ পৰা জোনাই সংযোগী পথত পুখুৰী সদৃশ গাঁত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.