Gitanagar road accident : ভাৰতী গেছ এজেঞ্চিয়ে খান্দি থোৱা গাঁতত সোমাই আহত i20 বাহনৰ চালক - ভাৰতী গেছ এজেঞ্চি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 2:18 PM IST

গুৱাহাটী, 10 ছেপ্টেম্বৰ : মহানগৰীৰ গীতা মন্দিৰত সংঘটিত হয় ভয়ংকৰ অঘটন । গীতা মন্দিৰৰ মাদাৰ টেৰেছা পথত ভাৰতী গেছ এজেঞ্চিয়ে খান্দি থোৱা গাঁতত সোমাল এখন চাৰিচকীয়া বাহন ৷ ফলত দুৰ্ঘটনাত পতিত হয় এখন চাৰি চকীয়া বাহন । এই দুৰ্ঘটনাত আহত হয় AS-01-EP-8700 নম্বৰৰ i20 বাহনখনৰ চালকজনো ।

জু-ৰোড তিনি আলি পৰা নাৰেংগী অভিমুখে গৈ থকা অৱস্থাত গীতা মন্দিৰৰ মাদাৰ টেৰেছা পথত দুৰ্ঘটনাত পতিত হয় বাহনখন । কোনো ধৰণৰ বেৰিকেডত নিদিয়াকৈ গেছ এজেঞ্চিটোয়ে পাইপ পুঁতিবৰ বাবে মাজ ৰাস্তাত গাঁত খান্দি থৈছে ৷ যাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

আনহাতে, কিছুদিন পূৰ্বে একেটা পথতেই দুৰ্ঘটনাত পতিত হৈ এজন লোকৰ মৃত্যু হৈছিল বুলিও সদৰী কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Dibrugarh Road accident : ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.