thumbnail

By

Published : Jan 8, 2023, 12:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Elephant terror: সমবায় সমিতিৰ গুডামত বন্যহস্তীৰ তাণ্ডৱ

ক্ৰমাৎ কলিয়াবৰত বনৰীয়া হাতীৰ উপদ্ৰৱ ভয়ানকভাৱে বৃদ্ধি পাইছে (Wild elephant terror in Kaliabar) । নিশা হ'লেই কলিয়াবৰৰ বিভিন্ন স্থানত খাদ‍্যৰ সন্ধানত গাঁৱত তাণ্ডৱ চলাই ঘৰ-দুৱাৰ, ভঁৰাল ঘৰ ভাঙি অনিষ্ট কৰাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে (Man Elephant Conflict Continues at Kaliabor) । পথাৰৰ ধান ভঁৰালত থোৱাৰ পাছৰে পৰা বনৰীয়া হাতীয়ে গাঁওবোৰক লক্ষ‍্য কৰি লৈছে (Wild elephant menace in Kaliabar) । ফলস্বৰূপে হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে বহুকেইজন লোক । ঘূণীয়া হৈছে বহুজন । সাধাৰণ ঘৰ বাদেই পকা ঘৰৰ দেৱাল ভাঙি মূল‍্যবান সা-সামগ্ৰী ভাঙি চুৰমাৰ কৰিছে বনৰীয়া হাতীয়ে । এইবাৰ দৰিদ্ৰ ৰাইজৰ বাবে আবন্টিত চাউল-আটা খাই অনিষ্ট কৰিলে বন‍্যহস্তীয়ে (Elephants attack in Kaliabor)। নিশা জখলাবন্ধাৰ চতিয়াল সমবায় সমিতিৰ চাউল-আটাৰ গুদাম ভাঙিলে বন‍্যহস্তীয়ে (Elephant destroyed house in Kaliabar) । গুডামৰ লোৰ চাটাৰ ভাঙি বহু পৰিমানৰ চাউল আৰু আটা খাই বিস্তৰ ক্ষতি সাধন কৰে । ফলত বিপদত পৰিছে সমবায় সমিতিখন । কাৰণ হিতাধিকাৰীক চাউল দিয়াত অসুবিধাৰ সন্মুখীন হৈছে । ইয়াৰ স্থায়ী সমাধানৰ বাবে সংশ্লিষ্ট বিভাগ তথা চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগী সমবায় সমিতিখনে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.