Landslide in Guwahati : মহানগৰীৰ ধীৰেনপাৰাত ভূমিস্খলন, নিহত এজন
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৭ জুন : বিগত এটা এসপ্তাহ ধৰি ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানৰ । বাদ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰীও ৷ মহানগৰীৰ অলিয়ে-গলিয়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । বানপানীৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে ভূমিস্খলনৰ ঘটনা ।
শনিবাৰে মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা । ধীৰেনপাৰাৰ সোণালী পথত ভূমিস্খলনৰ ফলত গাৰ্ডৱাল খহি মৃত্যু হয় এজন লোকৰ । মৃত লোকজনৰ নাম মুক্তাৰ আলী বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাই অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
লগতে পঢ়ক : Orange alert in Assam: প্ৰথমটো বানত ৩৪ হাজাৰৰো অধিক ক্ষতিগ্ৰস্ত, ২০ জুনলৈ বতৰৰ সতর্কতা বৃদ্ধি