Sexual harassment case: নলবাৰীত 50 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হ’ল নাবালিকা - sexual assault in Nalbari
🎬 Watch Now: Feature Video
Published : Sep 5, 2023, 9:27 AM IST
নলবাৰী, 5 ছেপ্টম্বৰ : সোমবাৰে নিশা নলবাৰী জিলাৰ চতেমাৰীত সংঘটিত হয় এক জঘন্য ঘটনা । পঞ্চাশ বছৰীয়া এজন লোকৰ কামনাৰ বলি হ’ল চতেমাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত নাবালিকা ৷ এই অভিযোগ তৰিছে ভুক্তভোগী নাবালিকাগৰাকীৰ আত্মীয়ই ৷ ইফালে জানিব পৰা মতে, অভিযুক্তটোৰ নাম দ্বীজেন তালুকদাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত দ্বীজেন তালুকদাৰক ৷
বিৱৰণি অনুসৰি, সোমবাৰে বিয়লিৰ ভাগত ভুক্তভোগী নাবালিকাগৰাকীয়ে ভাতৃৰ সৈতে ঘৰৰ ওচৰতে থকা বৰদেউতাকৰ ঘৰলৈ গৈছিল ৷ বৰদেউতাকৰ ঘৰলৈ যোৱাৰ পথতে অভিযুক্ত দ্বীজেন তালুকদাৰে নাবালিকাগৰাকীক ফুচুলাই মাতি আনি শ্লীলতা হানিৰ চেষ্টা কৰে ৷ লগতে এই বিষয়ে কাকো নক’বলৈ অভিযুক্ত দ্বীজেন তালুকদাৰে নাবালিকাগৰাকীক ভয়-ভাবুকিও প্ৰদান কৰে ৷ কিন্তু ভয়ত বিতত হৈ নাবালিকাগৰাকীয়ে মাতৃৰ আগত সকলো কথা বিৱৰি কয় ৷
তাৰ পাচতে অভিযুক্ত দ্বীজেন তালুকদাৰৰ বিৰুদ্ধে আদাবাৰী পহৰা আৰক্ষী চকীত নাবালিকাগৰাকীৰ মাতৃয়ে দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ভিত্তিতে আদাবাৰী পহৰা আৰক্ষী চকীৰ দায়িত্বত থকা পৰিদৰ্শক (IC) তৰণী দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আটক কৰে অভিযুক্ত দ্বীজেন তালুকদাৰক । ইফালে অভিযুক্ত দ্বীজেন তালুকদাৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী কৰিছে পৰিয়ালৰ লোকে ।