Clash in Nagaon: ৰিয়াজুলৰ আক্ৰমণত আহত মহম্মদ আলী; আৰক্ষীৰে সু-সম্পৰ্ক থকাৰ ভাবুকি স্বয়ম্ভু গুণ্ডাৰ !

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 6:01 PM IST

thumbnail

চামগুৰি, 22 অক্টোবৰ : নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজানত এজন লোকক নিৰ্মম প্ৰহাৰ ৷ নিৰীহ লোকজনক আক্ৰমণ ৰিয়াজুল এজন লোকৰ ৷ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

অনাকাংক্ষিতভাৱে পূব আমৰাকান্দাৰ চাৰিআলিত মহম্মদ আলী নামৰ এজন লোকৰ পৰিয়ালক আক্ৰমণ কৰে ৰিয়াজুলে । ৰাইজে দাবী কৰা মতে ৰিয়াজুল অঞ্চলটোৰ ভিতৰতে এটা গুণ্ডা ৷ ৰিয়াজুলৰ লগত লোকজনৰ পৰিয়ালৰ ব্যক্তিগত শত্ৰুতা আছিল বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে ৷ সেই ঘটনাক কেন্দ্ৰ কৰিয়েই ৰিয়াজুলে লোকজনক মাৰপিট কৰে ৷ উপায়বিহীন হৈ ভুক্তভোগীগৰাকীয়ে গড়াজান আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ ওচৰতে লোকজনক প্ৰহাৰ কৰে ৰিয়াজুলে ৷ ইয়াৰোপৰি আৰক্ষীয়ে লোকজনৰ এজাহাৰ ল’বলৈ মান্তি নহয় বুলি অভিযোগ উঠিছে ৷ 

পৰৱৰ্তী সময়ত লোকজনে ৰূপহীহাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ তৰে ৷ ইফালে জানিব পৰা মতে বিভিন্ন সময়ত নগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগত মিতিৰালি থকা বুলি জাহিৰ কৰি ফুৰে ৰিয়াজুলে ৷ ৰিয়াজুল পূব ফুটলজাৰৰ বাসিন্দা বুলি স্থানী ৰাইজে জানিবলৈ দিছে ৷ ইমানেই নহয় শীৰ্ষ আৰক্ষীৰ নাম লৈ বিভিন্ন ধৰণৰ দালালী কামত জড়িত থকাৰো অভিযোগ আছে ৰিয়াজুলৰ বিৰূদ্ধে । 

শীৰ্ষ আৰক্ষী বিষয়াক ৰিয়াজুলে আইফোন (iPhone) মোবাইল উপহাৰ দিয়া বুলি ৰাইজৰ আগত দাবী কৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে । ৰিয়াজুলৰ বিৰুদ্ধে পূৰ্বতেও বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল । এতিয়া ৰিয়াজুলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় স্থানীয় ৰাইজে । 

লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.