বৰঝাৰ বিমান বন্দৰত সৰ্পৰ আতংক, দংশন এজনক - যুৱকক দংশন কৰে সৰ্পই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16204833-thumbnail-3x2-ghyzdfhgfstjdyjyfuk.jpg)
শুক্ৰবাৰে গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক অঘটন ৷ বিমানবন্দৰৰ এৰাইভেলৰ লাগেজ বেল্টৰ কক্ষত এজন যুৱকক দংশন কৰে সাপে (Man bitten by snake inside the Guwahati Airport)। এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানবন্দৰৰ ভিতৰ চ’ৰাত সৃষ্টি হয় এখ হুলস্থূলীয়া পৰিৱেশ ৷ সৰ্পই দংশন কৰা যুৱক জনৰ নাম হৈছে মণ্টু বৈশ্য । মণ্টু বৈশ্যৰ ঘৰ আজাৰাৰ হাটুৱাপাৰাত । মণ্টু বৈশ্যই বিমানবন্দৰৰ GTCL কোম্পানীৰ অধীনৰ কৰ্মচাৰী । তথ্য অনুসৰি, সৰ্পই দংশন কৰা মণ্টু বৈশ্যক বিমানবন্দৰৰ পৰা ততাতয়াকৈ লৈ যোৱা হয় আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ ৷ বৰ্তমান আজাৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকগৰাকী । আনহাতে, বৰঝাৰত আতংকৰ সৃষ্টি কৰা সাপডালৰ সন্দৰ্ভত খবৰ দিয়া হয় আজাৰাৰ প্ৰকৃতি প্ৰেমী মিলু মেধিক ৷ পৰৱৰ্তী সময়ত আজাৰাৰ প্ৰকৃতি প্ৰেমী মিলু মেধিয়ে বিমানবন্দত উপস্থিত হৈ উদ্ধাৰ কৰে সাপডাল ৷
Last Updated : Feb 3, 2023, 8:27 PM IST