Majuli Ferry Service:4 দিনে বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা, ব্ৰহ্মপুত্ৰই শেষ ভৰসা
🎬 Watch Now: Feature Video
মাজুলী,30 আগষ্ট: বিগত চাৰিটা দিনে মাজুলী-যোৰহাটৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পোৱাৰ বাবে মাজুলী-নিমাতী ফেৰী সেৱা ব্যাহত হৈ পৰিছিল ৷ বৰ্তমান কিছু পৰিমাণে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে যদিও ব্যাহত হৈ আছে ফেৰী সেৱা ৷ যি সময়ত চন্দ্ৰযান গৈ চন্দ্ৰত অৱতৰণ কৰিছে সেই সময়তে ৰেম্পৰ অভাৱৰ বাবে আজিও আভ্যন্তৰীণ জল পৰিবহন বিভাগে চলাব পৰা নাই ফেৰীসমূহ ৷ ফলত বিগত 4 দিন ধৰি দক্ষিণ পাৰৰ লগত সংযোগ বিচ্ছিন্ন হৈ আছে মাজুলীৰ ৷
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ফেৰী ৰখোৱা ৰেম্পসমূহ বুৰাই পেলোৱা বাবে বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা ৷ ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগেই পৰিয়াল পোহপাল দিয়াটো বাধা আহি পৰিছে ফেৰী ঘাটত দোকান বজাৰ দিয়া লোকৰ । আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা ফেৰী চলাচল কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক:Assam flood 2023: চকুৰ পচাৰতে বানত উটি গ’ল ভকত চাপৰি সংযোগী কাঠৰ দলং