মাজুলীত কুঁৱলীৰ বাবে ফেৰী চলাচলত বাধা

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:05 AM IST

thumbnail

মাজুলী, ১১ জানুৱাৰী: ঘন কুঁৱলীৰ বাবে মাজুলী নিমাতিৰ মাজত ফেৰী চলাচলত বাধা আহি পৰিছে । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা অফলামুখ নিমাতি ফেৰী সেৱা কুঁৱলীৰ বাবে প্ৰতিদিনেই পলম হৈছে ৷ আজিও পুনৰ কুঁৱলীৰ বাবে অফলামুখ নিমাতিৰ মাজত পুৱাৰ ভাগৰ ফেৰী চলাচল পলম হৈছে ।

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা জনোৱা মতে, যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী চলাচল কৰাত কিছু পলম হৈছে । কুঁৱলীৰ মাজত ফেৰীখন এৰি দিলে ফেৰীখন চলোৱাত অসুবিধা হয় । নদীৰ মাজত ফেৰী আৱদ্ধ হৈ পৰাৰো সম্ভাৱনা থাকে ৷ যাৰবাবে কিছু পলমকৈ ফেৰী সেৱা মুকলি কৰা হৈছে ৷

ইফালে নদীত পানী কমি যোৱাৰ বাবে আজি কেইবাদিনো ধৰি কমলাবাৰী নিমাতী মাজত বন্ধ আছে জাহাজৰ চলাচল ।

লগতে পঢ়ক: কমলাবাৰী ফেৰী ঘাটৰ ৰেম্প স্থানান্তৰ কৰাৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.