thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:55 PM IST

ETV Bharat / Videos

Mahapalanam in Assam: হৰি নাম ধ্বনিৰে শিৱসাগৰত মহাপালনাম

শিৱসাগৰ, ১ অক্টোবৰ : শিৱসাগৰ জিলাৰ ব'ৰ্ডিং খেলপথাৰত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপালনাম । পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপালনামৰ আজি দ্বিতীয়টো দিনটো হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ চহৰ । মহাপালনামৰ লগত সংগতি ৰাখি ভকত বৈষ্ণৱৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ দুই সহস্ৰাধিক লোকে চহৰখনত উলিয়াই বিশাল ধৰ্মীয় তথা সাংস্কৃতিক শোভাযাত্ৰা ।

শিৱসাগৰ জিলাৰ ব'ৰ্ডিং খেলপথাৰ হাতী লৈ খোল,বৰতাল বজাই গায়ন-বায়নেৰে হৰিনাম প্ৰসংগ কৰি উলিয়াই বিশাল শোভাযাত্ৰা । হিন্দু, মুছলমান, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰা দৃষ্টি নন্দন শোভাযাত্ৰাই শান্তি সম্প্ৰীতি, একতাৰ বাৰ্তা বিলোৱা পৰিলক্ষিত হয় । এই বিশাল শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

লগতে পঢ়ক:Lok sabha Election 2024: যোৰহাটত গৌৰৱ, ডিব্ৰুগড়ত লুৰীণ বিৰোধীৰ প্ৰাৰ্থী ! কি হ’ব বিজেপিৰ ৰণনীতি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.