ৰহাত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত প্ৰায় 50 ফুট উচ্চতাৰ ভেলাঘৰ নিৰ্মাণ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:12 PM IST

thumbnail

ৰহা, 9 জানুৱাৰী : অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ভোগালীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল ৷ ব্যতিক্ৰম নহয় ৰহাৰ বিভিন্ন অঞ্চলো ।

ৰহাৰ দীঘলদৰিৰ মিলনপুৰ পথাৰত দীঘলদৰিৰ, পহুপুৰি, কাকতিগাঁও, আদৰ্শগাঁও, মিলনপুৰ, ন-কাকতি গাঁৱৰ যুৱকসকল লগ হৈ এইবাৰ ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি নিৰ্মাণ কৰিছে নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ । একতাই পৰম বল ইয়াকে সৰোগত কৰি পথাৰৰ নৰা কাটি ইতিমধ্যে আটকধুনীয়াকৈ নিৰ্মাণ কৰা ভেলাঘৰটোৰ উচ্চতা প্ৰায় ৫০ ফুট ৷ ইতিমধ্যে এই ভেলাঘৰৰ প্ৰায় 80% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে ।

উল্লেখ্য যে, ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি এই ভেলাঘৰ থলীতে পাঁচদিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত কৰা হ’ব ৷ যাক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ এই কথা সদৰী কৰিছে অঞ্চলৰ যুৱকসকলে ৷

লগতে পঢ়ক : পৰম্পৰাগত তিলপিঠা প্ৰস্তুতেৰে ব্যৱসায়ভিত্তিত সফলতা লাভ টীয়কৰ এগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.