thumbnail

By

Published : Jan 28, 2023, 10:16 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Football competition at Diphu : বৰজানক হৰুৱাই ফাইনেলত প্ৰৱেশ লুম্বাজং দল

ডিফু, ২৮ জানুৱাৰী : 16 জানুৱাৰীৰ পৰা ডিফুৰ কাছা খেলপথাৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ আছে দ্বিতীয় আন্তঃ এমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা (2nd Inter mac club prize money football competition) ৷ এই খেলৰ সামৰণি পৰিব 3 ফেব্ৰুৱাৰীত ৷ আজি অৰ্থাৎ শনিবাৰে এই প্ৰতিযোগিতাত নামে লুম্বাজং দল আৰু বৰজান দলে ৷

ডিফুত চলি থকা এই ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত লুম্বাজঙৰ হাতত বৰজান দল ৩-২ গলৰ ব্যৱধানত পৰাজিত হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে উজ্জিৱিত খেল প্ৰদৰ্শন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত লুম্বাজং দলে বৰজান দলক দুই গল দি ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে যদিও বৰজান দলে এটাও গল কৰিবলৈ সক্ষম নহ’ল ৷

খেলৰ দ্বিতীয়াৰ্ধত বৰজান দলে মৰণপণ যুঁজ দি লুম্বাজং দলৰ নেটত দুটা গল সুমুৱাই দি সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ লুম্বাজং দলে দ্বিতীয়াৰ্ধত গলৰ কেইবাটাও সুযোগ নষ্ট কৰাৰ ফলত কোনো গল কৰিবলৈ সক্ষম নহ’ল ৷ ইয়াৰ ফলত খেলখন ২-২ গলত ড্ৰ হয় ৷

খেলখন অমিমাংসিত কৈ শেষ হোৱাৰ বাবে অতিৰিক্ত সময় খেলিবলৈ সুযোগ দিয়া হয় ৷ অতিৰিক্ত সময়ৰ প্ৰথমাৰ্ধত লুম্বাজং দলৰ খেলুৱৈয়ে বৰজানক আন এটা গল দি লুম্বাজঙে ৩-২ গলত দলক বিজয়ী কৰাবলৈ সক্ষম হয় ৷ আপ্ৰাণ চেষ্টা কৰিও বৰজানে অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধত লুম্বাজঙৰ গল পৰিশোধ কৰিব নোৱাৰিলে ৷ ফলত লুম্বাজং দল ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় (Lumabajong team win 2nd inter mac club prize money football competition) ৷

আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে লুম্বাজং দলৰ কমলচন ৰংফাৰে ৷ শনিবাৰে আয়োজিত উক্ত খেলখনত লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি জনি তিমুঙ আৰু বৰজান পৰিষদীয় সমষ্টিৰ এমএচি সূৰ্য ৰংফাৰ উপস্থিত থাকে ৷ এই খেলখন পৰিচালনা কৰে ধানেশ ছাহে ৷

তেওঁক লাইনত সহায় কৰে ক্ৰমে, বাজ’ তিচ’ আৰু ৰূপকণ ছিং ৰংফাৰে ৷ এওঁলোকৰ লগতে চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে শংকৰ তেৰাঙে ৷

লগতে পঢ়ক : Abnormal duckling in Dibrugarh : চাৰিখন পাখি-চাৰিখন ঠেঙেৰে জগিল হাঁহৰ পোৱালি

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.