thumbnail

Jagannath Rath Yatra 2023: জগন্নাথ ৰথযাত্ৰা; হাফলংত উখল-মাখল পৰিৱেশ

By

Published : Jun 21, 2023, 8:57 AM IST

হাফলং, 21 জুন: সমগ্ৰ দেশৰ লগতে অসমৰ হাফলং চহৰতো শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা উপলক্ষে এক উখল-মাখল পৰিৱেশ পৰিলক্ষিত হ’ল ৷ প্ৰতিকূল বতৰকো নেওচি মঙলবাৰে চহৰখনত উলহ-মালহেৰে অনুষ্ঠিত হ’ল শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা ৷

ৰথযাত্ৰা উপলক্ষে হাফলং চহৰত থকা 112 বছৰ পুৰণি জগন্নাথ মন্দিৰত প্ৰচুৰ ভক্তৰ সমাবেশ ঘটে ৷ ভক্ত সকলৰ বাবে জগন্নাথ মন্দিৰত মহা প্ৰসাদৰ ব্যৱস্থা কৰা হয় ৷ বৰষুণকো উপেক্ষা কৰি হাজাৰ হাজাৰ ভক্ত, ৰাইজে অংশগ্ৰহণ কৰে জগন্নাথ ৰথযাত্ৰাত ৷ এক উৎসৱ মুখৰ পৰিবেশত হাফলং জগন্নাথ মন্দিৰৰ পৰা ভগবান জগন্নাথৰ ৰথ হাফলং চহৰ পৰিভ্ৰমণ কৰে ৷  

হাফলংৰ জগন্নাথ মন্দিৰৰ পৰা ৰথ উলিয়াই সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰাৰ পিচতে এই ৰথ হাফলং ৰামঠাকুৰ সেৱাশ্ৰমত ৰখা হৈছে ৷ সাতদিন পাছত এই ৰথ পুনৰ জগন্নাথ মন্দিৰলৈ অনা হ’ব ৷ এই কেইটা দিন ৰাম ঠাকুৰ সেৱাশ্ৰমত নাম কীৰ্তন চলিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

লগতে পঢ়ক: Guwahati Police Press meet: অম্বুবাচী মেলাৰ সময়ছোৱাত যান বাহন চলাচল সন্দৰ্ভত নীতি-নিৰ্দেশনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.