Locals Demand Construction of Roads: জাল-জাকৈ লৈ তিতাবৰ নগাবাট ৰাইজৰ প্ৰতিবাদ - জাল জাকৈ লৈ তিতাবৰ নগাবাট ৰাইজৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:03 PM IST

তিতাবৰ, ৯ অক্টোবৰ: তিতাবৰত বিধ্বস্ত পথ মেৰামতিৰ দাবীত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰৰ নগাবাট অভয়পুৰীয়াৰ ক্ষুব্ধ ৰাইজে । অঞ্চলটোৰ বিধ্বস্ত বাট-পথ মেৰামতিত চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ অভিযোগ তুলি পথৰ দ গাঁতত জালেৰে মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক পুৰুষ-মহিলাই ৷

উল্লেখ্য যে, নগাবাটৰ গাতে লাগি থকা সোণোৱাল গাঁও হৈ তৰাণি-অভয়পুৰীয়া সংযোগী পথটো বিধ্বস্ত হৈ দ গাঁত সৃষ্টি হয় যদিও মেৰামতিৰ সময় নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ । ফলত পথটোৰ অৱস্থাই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । সেয়ে আজি বিধ্বস্ত পথৰ ওপৰত থিয় হৈ ৰাইজে জাল বাই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বহু সময়লৈকে প্ৰতিবাদকাৰী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকে তিতাবৰৰ বিধায়ক, যোৰহাট জিলা আয়ুক্তক পথটো পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Protest in Dhemaji:বিধ্বস্ত পথ মেৰামতিৰ দাবীত ধেমাজিত জাকৈ খালৈ লৈ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.