Tinsukia news: তিনিচুকীয়াত অনা-অসমীয়াৰ প্ৰহাৰত আহত স্থানীয় যুৱক - Local youth beaten up by non Assamese goons

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 24, 2023, 10:45 PM IST

তিনিচুকীয়া, 24 মে’: তিনিচুকীয়াত বৃদ্ধি পাইছে অনা-অসমীয়াৰ দপদপনি ৷ এইবাৰ একাংশ অনা-অসমীয়াই এজন ভূমিপুত্ৰ যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ বুধবাৰে তিনিচুকীয়াৰ তামুলবাৰী বজাৰত বাৰেকুৰিৰ ই-ৰিক্সা চালক ৰিমান্ত দুৱৰাক এটা অনা-অসমীয়া দুৰ্বৃত্তৰ দলে বাট এৰি নিদিয়াক কেন্দ্ৰ কৰি বোকাত পেলাই অতি বেয়াকৈ প্ৰহাৰ কৰে ৷ ইয়াৰ পাচতেই ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি (Youth beaten up in Tinsukia) ৷

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনক দুৰ্বৃত্তৰ দলটোৰ পৰা উদ্ধাৰ কৰে ৷ আনহাতে ভুক্তভোগী যুৱকজনে ঘটনা সন্দৰ্ভত সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ উল্লেখ্য যে, জিলাখনত দৈনিক বৃদ্ধি পোৱা অনা-অসমীয়াৰ দপদপনি বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে ব্যৱস্থা নকৰিলে স্থানীয় দল-সংগঠনে নিজেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷  

লগতে পঢ়ক: History of Assam tea: আজিও অৱহেলিত অসমৰ চাহৰ উদ্ভাৱক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.