thumbnail

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:02 AM IST

ETV Bharat / Videos

3 ডিচেম্বৰৰ পৰা বেতকুছিত আৰম্ভ হ’ব থলুৱা মাছৰ পাইকাৰী বজাৰ

গুৱাহাটী, 2 ডিচেম্বৰ: 3 ডিচেম্বৰৰ পৰা মহানগৰীৰ বেতকুছিস্থিত লালুং গাঁৱত আৰম্ভ হ’ব থলুৱা মাছৰ পাইকাৰী ক্ৰয় বিক্ৰয় কেন্দ্ৰ । শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা কিনা সমবায় সমিতিৰ বিষয়ববীয়াই । থলুৱা মৎস্য ব্যৱসায়ীসকলৰ প্ৰতি লক্ষ্য ৰাখি তথা বৰ্তমান সময়ত থলুৱা মাছৰ গ্ৰাহকৰ চাহিদা অনুসৰি বজাৰখনত নতুনকৈ থলুৱা মাছৰ ক্ৰয়-বিক্ৰয় আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে সমিতিৰ বিষয়ববীয়াসকলে । 

প্ৰতিদিনে পুৱা 6 বজাত আৰু বিয়লি 3 বজাত এই পাইকাৰী বজাৰত থলুৱা মাছ ক্ৰয়-বিক্ৰয় কৰা হ’ব । অসমৰ ভিন্ন প্ৰান্তৰ মৎস্য পালকসকলে 3 ডিচেম্বৰৰ পৰা এই পাইকাৰী বজাৰখনত থলুৱা মাছ বিক্ৰী কৰিব পাৰিব । উল্লেখযোগ্য যে, পূৰ্বৰে পৰা বজাৰখনত চলি অহা চালানী মাছৰ পাইকাৰী বজাৰখনত নিষিদ্ধ কৰা আছে ফ’ৰ্মেলিনযুক্ত মাছ । সেয়েহে 3 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগা থলুৱা মাছৰ ক্ষেত্ৰত যদি সাৰ অথবা কোনো স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক দ্ৰব্য ব্যৱহাৰৰ সম্ভেদ পায় তেতিয়াহ’লে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদমেলযোগে সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:  তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলিৰে কৃষকৰ মুখত হাঁহি বিৰিঙাইছে বিশ্বনাথ জিলা কৃষি বিভাগে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.