Sex Racket Busted: চিলাপথাৰৰ লিকাবালিত ৰাইজৰ হাতত আটক নাৰী দেহ ব্যৱসায়ী
🎬 Watch Now: Feature Video
জোনাই, ১৫ মে’: চিলাপথাৰৰ লিকাবালিত দেহ ব্যৱসায়ী চক্ৰক হাতে-লোটে কৰায়ত্ত কৰে ৰাইজে ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰত । চিলাপথাৰৰ লিকাবালিত দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায় চলাই অহা এটা চক্ৰক নিশা ৰাইজে হাতে-লোটে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে (Local People Exposed Women Trafficking Racket) ৷
ৰাইজৰ অভিযোগ অনুসৰি লিকাবালিত দীপক নামৰ এজন যুৱকে তেওঁৰ ঘৰত বহুদিনৰ পৰা চলাই আহিছে নাৰী দেহ ব্যৱসায় । বহুদিনৰ পৰা স্থানীয় ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হ’ব পৰা নাছিল । দেওবাৰে নিশা দুজন যুৱকসহ 4 গৰাকী মহিলা যুৱকজনৰ ঘৰটোত প্ৰৱেশ কৰাত ৰাইজৰ সন্দেহ হয় আৰু স্থানীয় মহিলাসহ ৰাইজে ঘৰটোত প্ৰৱেশ কৰি কেইবাজনো লোকক অসংযত অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰি চিলাপথাৰ আৰক্ষীক চমজাই দিয়ে ৷ ইয়াৰে দুজন যুৱক পলাই সাৰে বুলি জানিব পৰা গৈছে (Sex Racket Busted)।
উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৰ লিকাবালিৰ ৰেনু নামৰ হোটেলখনত দীৰ্ঘ দিনে চলি আহিছিল এই কুকৰ্ম । শেহতীয়াকৈ হোটেলখন বন্ধ হোৱাত দীপক নামৰ লোকজনে নিজৰ ঘৰতে এই কাৰ্য চলাই গৈছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ আৰক্ষীয়ে তদন্তৰ বাবে ইতিমধ্যে দীপক নামৰ অভিয়ুক্তৰ লগতে পত্নীকো আটক কৰিছে ।
লগতে পঢ়ক: Child marriage case : প্ৰেমৰ চলনাৰে শিৱসাগৰৰ পৰা চৰিফুল ইছলামে পলুৱাই নিলে নাবালিকাক