Allegation against Lat Mandal: লাট মণ্ডলৰ বিৰুদ্ধে ভুলকৈ সীমা নিৰ্ধাৰণ কৰাৰ অভিযোগ - Allegation against Lat Mandal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18669841-thumbnail-16x9-jania-aspera.jpg)
জনীয়া,৪ জুন: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৫ খন গাঁও কৰ্তন কৰি বঙাইগাঁও জিলাৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ পোৱাৰ পিছতেই কলগাছিয়াৰ ৰাজহ চক্ৰৰ এজন লাট মণ্ডলে ভুলকৈ সীমা নিৰ্ধাৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(Allegation against Lat Mandal) । অভিযুক্ত মণ্ডলগৰাকী হৈছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তিতাপানী মৌজাৰ ৬ নং লাটৰ মণ্ডল আব্দুল ওৱাহাব(Lat Mandal wrongly demarcating boundaries in Jania) ।
আব্দুল ওৱাহাব নামৰ মণ্ডলগৰাকীয়ে খুদ্ৰখোৱা গাঁৱত কোনো শুদ্ধ পিনপইণ্ট চিনাক্ত নকৰাকৈ ভুল সীমা নিৰ্ধাৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে, লাট-মণ্ডল আব্দুল ৱাহাবে মোটা অংকৰ ধনৰ বিনিময়ত ১৪ নং পাট্টা, ৪ নং পাট্টা, ৩ নং পাট্টা আৰু ৪২ নং পাট্টাৰ প্ৰায় ৩৫ বিঘা মাটি অবৈধভাৱে কোনো শুদ্ধ পিনপইণ্ট চিনাক্ত নকৰাকৈ ভুল সীমা নিৰ্ধাৰণ কৰাৰ অভিযোগ কৰে ৰাইজে ।
ইয়াৰোপৰিও, তিতাপানী মৌজাৰ বৰতাৰী গাঁৱৰ কেইবাবিঘা মাটি ২০২২ চনৰ ৬ জুনত বটোৱাৰা কৰিছিল যদিও সেই বটোৱাৰা ওৱাহাব মণ্ডলে কি কাৰণত পুণৰ খাৰিজ কৰিলে সেয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই সংক্ৰান্তত ইতিমধ্যে লাট-মণ্ডল গৰাকীৰ বিৰুদ্ধে বৰপেটা জিলাৰ উপায়ুক্ত আৰু বিভাগীয় অতিৰিক্ত উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈ কোনোধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Massive cranes Posted : 1000 ৰ শ্ৰমিকে দিন-ৰাতি একাকাৰ কৰি পুনৰ মেৰামতিৰ কাম চলি ৰে’ল ট্ৰেকৰ