বিপদত পৰা বনভোজকাৰী দলক সহায় কৰিলে লংকাৰ শিখ সমাজে

🎬 Watch Now: Feature Video

thumbnail

হোজাই, ৬ জানুৱাৰী: বন্ধৰ দিনত বনভোজ খাবলৈ আহি বিপদত পৰা শিৱসাগৰৰ বনভোজকাৰী দলক সহায় কৰিবলৈ আগবাঢ়ি আহিল লংকাৰ শিখ সমাজ । কালি বনভোজৰ SOP ভংগ কৰি লংকা আৰক্ষী থানাৰ সন্মুখতে বনভোজ খাবলৈ বাধ্য হয় শিৱসাগৰৰ বনভোজকাৰী দলটো । ইপিনে, চকা বন্ধৰ বাবে নিশা লংকা চহৰতে কটাব লগীয়া হয় এই বনভোজকাৰী দলটো । নিশা কণ কণ শিশু, মহিলাসহ বনভোজকাৰী দলটো কলৈ যাব, ক'ত থাকিব আৰু ক'ত শুব ইয়াকে লৈ চিন্তিত হৈ পৰে ।

অৱশেষত এই সকলো সমস্যাৰ অৱসান ঘটাই বনভোজকাৰী দলটোৰ কাষত থিয় দিলে লংকা শিখ সমাজে । লংকা গুৰুদ্বাৰৰ অন্তৰ্গত বাবা ফতেহ সিং সেৱা দলৰ উদ্যোগত বনভোজকাৰী দলটোক নিশা থকা আৰু খোৱাৰ সু-ব্যৱস্থা কৰা হ'ল লংকা গুৰুদ্বাৰত । বাবা ফতেহ সিং সেৱা দলৰ সকলো কৰ্যকৰ্তাই মিলি নিশাৰ আহাৰ তথা শোৱাৰ সু-ব্যৱস্থা কৰাৰ লগতে পুৱাৰ চাহ-জলপানৰে আপ্য়ায়ণ কৰে লংকা গুৰুদ্বাৰ প্ৰাংগনত ।

লগতে পঢ়ক:ৰংপুৰত বৰাক নৈৰ খহনীয়াত জাহ শতাধিক পৰিয়ালৰ ভেটি-মাটি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.