Sonapur landslide: ভূমিস্খলনৰ ফলত ব্যাহত গুৱাহাটী-মেঘালয় সংযোগী পথ; মুকলিৰ বাবে লাগিব 24 ঘণ্টা

By

Published : Jun 17, 2023, 8:33 PM IST

thumbnail

কৰিমগঞ্জ, 17 জুন: বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰ অঞ্চলত ভূমিস্খলন ৷ পাহাৰৰ পৰা খহি অহা শিল-বালি পৰি বন্ধ হৈ পৰিছে মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সন্মুখৰ পথ ৷ যাৰ বাবে ব্যাহত হৈ পৰিছে গুৱাহাটী-শিলচৰ আৰু বৰাক উপত্যকাৰ লগতে মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰা সংযোগী পথ ৷ পথৰ দুয়োটা দিশে আবদ্ধ হৈ পৰিছে শ শ যান-বাহন ৷

পথছোৱা মুকলি কৰিবলৈ লাগিব 24 ঘণ্টাৰ সময় ৷ জয়ন্তীয়া পাহাৰ প্ৰশাসনে সদৰী কৰিছে এই কথা ৷ শুকুৰবাৰে পুৱাৰে পৰা পথটো মুকলি কৰাৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া সম্পূৰ্ণ হৈ উঠা নাই ৷ ইফালে সোণাপুৰৰ সুৰংগটোৰ সন্মুখভাগ ভাঙি যাবলৈ আৰম্ভ কৰিছে ৷ পূৰ্বে কিছু সময়ৰ বাবে পথটোৰে যান-বাহনৰ চলাচল বন্ধ কৰিব লগীয়া হয় যদিও শনিবাৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পথটো ৷ ফলত এতিয়া যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷  

লগতে পঢ়ক: Assam Flood Scenario: ভাঙি পেলাওক গেৰুকামুখৰ নদী বান্ধ; ক্ষোভ অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.